বিজ্ঞান জেউতিত প্ৰকাশিত (জুন-জুলাই, ২০২২)
...কৃষ্ণ-পদাৰ্থ বৰ্তমান পদাৰ্থবিজ্ঞান জগতৰ এটা অন্যতম সাঁথৰ যদিও, যোৱা কেইটামান দশকত ইয়াৰ বিষয়ে আমি ভালেখিনি নতুন কথা শিকিলোঁ। সাধাৰণতে নিউজ চেনেল বিলাকত বা ছপা মাধ্যমত এইধৰণৰ নতুন কথাবিলাক স্পষ্টভাৱে প্ৰকাশ কৰা নহয়, আৰু ইয়াক অতি দুৰ্বোধ্য সাঁথৰ, বা বিজ্ঞানৰ অক্ষমতা বুলিও প্ৰকাশ কৰা হয়। কৃষ্ণ-পদাৰ্থৰ বিষয়ে কিমানখিনি জানোঁ তাৰ অনুমান নকৰাকৈয়ে বহুতে "বিজ্ঞানে যিমান যি ক'লেও আমুকটো কথা দেখোন ব্যাখ্যা কৰিব নোৱাৰে" বুলিও ক'ব খোজা দেখা যায় আৰু প্ৰায় সকলোৱেই ইয়াক অতি দুৰ্বোধ্য, সমাধানহীন সাঁথৰ বুলিয়েই ভাবি লয়। ...অধিক পঢ়ক
বিজ্ঞান জেউতিত আংশিকভাৱে প্ৰকাশিত (ডিছেম্বৰ-জানুৱাৰী, ২০২১)
...পদাৰ্থৰ মৌলিক গঠনৰ প্ৰকৃতিক ব্যাখ্যা কৰিবলৈ ধ্ৰুপদী চিন্তাধাৰাখিনিৰ পৰা ফালৰি কাটি অহাটো কেৱল পৰীক্ষাগাৰৰ ফলাফলেই নহয়, দাৰ্শনিক দৃষ্টিভংগীয়েও সূচায়। কিয়নো, ধ্ৰুপদী অধ্যয়নত পদাৰ্থৰ কোনো এটা গোটা আকাৰক 'এটা বস্তু' বুলি ধৰি লৈ তাৰ বলবিজ্ঞানখিনি অধ্যয়ন কৰা হয়; সেই গোটা পদাৰ্থটো 'কিহেৰে গঠিত' বুলি সোধা প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁতে গোটা পদাৰ্থটোক নিৰন্তৰে ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতমলৈ ভাগ কৰিব পাৰি। ধ্ৰুপদী চিন্তাত পদাৰ্থৰ মৌলিক গাঁঠনি বা বিন্দুসম কণা এইবোৰৰ কোনো ধাৰণা নাই আৰু সেয়ে 'ডাঙৰ' বা 'সৰু' আদিৰ দৰে কথাবোৰ আপেক্ষিক মাথোন! ...অধিক পঢ়ক
সাহিত্য ডট্ অৰ্গত প্ৰকাশিত (অক্টোবৰ, ২০২১)
কৃটিম বুদ্ধিমত্তা বুলি ক'লে পোনেই আৰ্থাৰ ছি ক্লাৰ্কৰ হাল-৯০০০ বা টাৰ্মিনেটৰ চিনেমাখনৰ স্কাইনেটৰ দৰে চৰিত্ৰবোৰলৈ মনত পৰে। কল্পবিজ্ঞানৰ বাবে প্ৰয়োজনীয় অতিৰঞ্জিত কথাখিনি আঁতৰাই চালে কিন্তু এয়া কোনো অদ্ভুত বস্তু নহয়, বৰঞ্চ কম্পিউটাৰ বিজ্ঞানৰ সহায়ত অতি চতুৰ পদ্ধতিৰে ৰৈখিক পাটিগণিতৰ দৰে সৰল বিষয়ৰ সহায় লৈ কৰা কিছুমান গণনাৰ ফলাফলহে। আজিৰ দিনত আমি অনুভৱ নকৰাকৈয়ে আমাৰ চৌদিশে মানৱ মস্তিষ্কৰ দৰেই তথ্য বিশ্লেষণ কৰি চিন্তা কৰিব পৰা কম্পিউটাৰ প্ৰগ্ৰেমৰে ভৰি আছে। নহ'লেনো আপুনি অনলাইন বজাৰত মনে প্ৰাণে বিচাৰি থকা বস্তুটোৰ বিজ্ঞাপন ইউটিউব বা ফেচবুকে নিজৰ ৱেবপেজটোত দেখুৱাব লাগে বুলি কেনেকৈ শিকিলে? আপুনি টাইপ কৰা কেইটামান শব্দৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী শব্দকেইটা কি হ'ব সেয়া গুগল ৱেবছাইটটোৱে কেনেকৈ শিকিলে? আপোনাৰ ক্লাউড ষ্ট'ৰেজৰ ফটোবোৰত থকা ব্যক্তিকেইজনক আপোনাৰ ফোনটোৱে চিনাক্ত কৰি পৃথককৈ ৰাখিবলৈ কেনেকৈ শিকিলে? ...অধিক পঢ়ক
প্ৰান্তিকত প্ৰকাশিত (১-১৫ জানুৱাৰী, ২০২১)
ধৰাহওক আপোনাৰ সন্মুখেৰে মেকুৰী এটা খোজকাঢ়ি গৈ আছে, আৰু আপুনিও মেকুৰীটোৰ গতিবিধি স্পষ্টভাৱে লক্ষ্য কৰি আছে। হঠাৎ কথা নাই বতৰা নাই, মেকুৰীটো এটা বাঘলৈ পৰিবৰ্তন হৈ পৰিল! কিছুসময়ৰ পিচত সেই বাঘটো এটা সিংহলৈ ৰূপান্তৰিত হ’ল, আৰু অলপ সময়ৰ পিচত সিংহটো আকৌ মেকুৰীলৈ ৰূপান্তৰিত হৈ পৰিল! সেই দৃশ্যটো দেখাৰ পিছত আপোনাৰ মনোভাৱ কেনে হ’ব? বৰ্তমান পদাৰ্থবিজ্ঞান জগতৰ গৱেষণাৰ ক্ষেত্ৰত সঘনাই আলোচিত হৈ থকা নিউট্ৰিন’ নামৰ প্ৰাথমিক কণাবিধৰ প্ৰকাৰবোৰৰ মাজৰ দোলন বিষয়টোও থুলমুলকৈ এনেকুৱাই ...অধিক পঢ়ক